Thursday, 14 May 2020

অনুগল্প  :সেউজীয়া পাৰীৰ শাৰীখন :হাঁহিৰে সামৰি ৰাখিছে তাই প্ৰশংসাবোৰ ৷সেউজীয়া পাৰিৰ শাৰীখনে তাইত তুলি ধৰিছে ,ধুনীয়াকৈ ৷আজিৰ হাঁহিটোৱে তাইক অলংকাৰৰ দৰে শুৱাই তুলিছে ৷কিন্তু অপ্ৰকাশিত চকুলোৰ আঁৰৰ হাঁহি এইয়া ৷  পূৱা শাৰীখন পিন্ধি লৈ সাঁজি কাচি নিজকে থৰ হৈ চাই ৰৈছিল ৷কৰোবাৰ হেপাঁহবোৰক যেন তাই আজি সামৰি লৈছে৷ ইমান দামী শাৰীখন পিন্ধাৰ যোগ্যনে তাই ?মনত উদয় হোৱা প্ৰশ্নটিৰ উত্তৰ নিজেই বিচাৰি পালে ৷কাৰণ সেই শাৰীখন যাৰ মৰমৰ আছিল,তাইয়ো যে তেওঁৰ অতিকৈ মৰমৰ আছিল ৷সেইয়ে তাই শাৰীখন পিন্ধাৰ বাবে যোগ্য৷'তোক একোকে সহায় কৰিব পৰা নাই  ’সদায় আক্ষেপ পুহি ৰাখিছিল তেওঁ৷ সেউজীয়া পৰিৰ শাৰীখন যিজনে আজি তাইক শুৱনি কৰিছে সেইখন তেওঁৰ চিতাট দিয়া নগ’ল৷ বায়েকৰ স্মৃতি হিচাপে তাইৰ মাকে সাচি ৰাখিলে ৷এদিন তাইৰ ভাল লাগিল ৷আজি সেয়ে তাই পিন্ধিছে সকলো জানিও কিবা হেপাঁহত ৷মনত ভয় হৈছিল তাইৰ ,কিন্তু মৰমবোৰ সুৱৰি চকুলো সৰিল ৷তাই নিজকে দপোনত চাই ভাবি থাকিল তেওঁতো প্ৰায়ে একো দিব নোৱাৰিলো বুলি আক্ষেপ কৰি আছিল ৷কিন্তু তাই আজি সেইখন শাৰী পিন্ধি যিটো অনুষ্ঠানলৈ যাব খুজিছে ৷তেওঁ হয়তো তাইক সেই শাৰীখন পিন্ধাৰ কথাই ক’লেহেতেন৷ তাই মনতে কৈ উঠিল 'এপা আপুনি আৰু সেই আক্ষেপ পুহি নাৰাখিব ৷আজি আপোনাৰ সাজেৰে সাজি সুৱনি হৈছো ,আপুনি যদি চাই আছে আপুনিও ভাল পাইছে ছাগে ৷ইয়াতকৈ আৰু মোক কি লাগে ৷ তাই দুখবোৰ সামৰি ,হাঁহি এটি পিন্ধি ল’লে আৰু উচাহেৰে বাট ললে অনুষ্ঠানটিলৈ৷ছ

No comments:

Post a Comment