Friday, 1 May 2020

সংকত বিতৰ্ক আৰু আমিবোৰ : বৰ্তমান সকলোৰে জীৱনবোৰ Socail media ৰ প’ষ্টৰ জৰিয়তে কিছু হ’লেও অনুমান কৰিব পৰা যায়৷ সেইয়া দুখ ,সুখ ,আৱেগ অনুভূতি যিয়েই নহওক ৷বৰ্তমান লগডাউনৰ সময়খিনিত বহুলোকে social media ব্যৱহাৰ কৰি আছে ,হয়তো আগকৈ বেছি সময়ৰ বাবে ৷ লকডাউনৰ মাজতে বিহু আৰু বহুতো উৎসৱ পাৰ্বণ পাৰ হৈ গৈছে ৷ ল’কডাউন প্ৰায় দেৰ মাহ হ’বৰে হ’ল ৷সকলোৰে ব্যস্ততাবোৰ নোহোৱা হ’ল ৷            আজি হঠাৎ বান্ধৱী এগৰাকীৰ whats app ৰ status চালো ,তাইৰ চাগে খং উঠিছে ৷কাৰণ  তাই যিয়েই নকৰক সকলো কামতে সমালোচনাই কৰে TikTok কৰিলেও সমালোচনা ,খানা বনোৱাৰ ফটো দিলেও সমালোচনা,মুঠতে সকলোতে সমালোচনা ৷তাই খঙতে এই বুলিও উল্লেখ কৰিছে যে' মই বিভিন্ন ব্যঞ্জন ৰান্ধি ফ’টো দিও হয় ,কিন্তু সেইবুলি নোখোৱাকৈ থকা মানুহৰ কথা নভবাও নহয় ৷পাৰ্যমানে তেওঁলোকক সহায় কৰিছোঁ ,তাৰ ফটো অৱশ্যে দিয়া নাই মহান হ’বৰো মন নাই ৷’কিন্তু যিয়ে সমালোচনা কৰি আছে তেওঁনো কি কৰি আছে ৷তেওঁ কাৰোবাক সহায় কৰিছেনে ? হয় এই সময়ত বহুতে ভিন্ন ধৰণৰ কাম কৰি গৈ আছে আৰু এচামে তাৰ খুট উলিয়াই সমালোচনা কৰি আছে ৷কিন্তু এটা কথা মানিবই লাগিব যিয়েই যি নকৰক কিয় ,সকলোৰে মানসিক অৱস্হা সুস্থিৰ কৰি ৰখাত এই ভাললগা কামবোৰ সহায় কৰি আহিছে ৷ যিবোৰ কামৰ কাৰণে এচামে সমালোচনা কৰি আহিছে ৷সকলোৰে ভাল লগা ,বেয়া লগা ,ৰুচিবোধ বেলেগ বেলেগ ,তেনেদৰে সকলোৰ মনবোৰো বেলেগ বেলেগ ৷ এনে এটা সংকতৰ সময়ত যে মানুহে নিজকে ভাল লগা কামত ব্যস্ত কৰি ৰাখিব পাৰিছে সেইয়া বহুত ডাঙৰ কথা ৷নহ’লে প্ৰায় দেৰমাহ যোৰা বন্ধৰ সময়খিনিত গৃহবন্দী হৈ থাকি মানসিক ৰোগী হৈ পৰিল হেতেন। যিসকলে অনাহকত বিতৰ্ক কৰি থাকে তেওঁলোকে যদিহে সঁচাকৈয়ে কিবা ভূল দেখে তেনেহ’লে আঙুলিয়াই দিব ৷  অযথা কাৰোবাৰ কামৰ বাবে সমালোচনা কৰি মানসিক অশান্তি নিদিব ৷ভাবকচোন স্কুল, কলেজ ,বিশ্ববিদ্যালয়ৰ ব্যস্ততাপূৰ্ন জীবন এটাৰ পৰা হঠাৎ আতৰি আহি অনিশ্চয়ত ভবিষ্যত এটা লৈ অপেক্ষা কৰি থকা মানুহবোৰৰ মানসিক অৱস্থা কেনে হ’ব পাৰে ৷কিমান দিন সিহঁতে ভালপোৱাবোৰ পৰা আতৰি আহিছে ৷সেইয়া আদ্দাই হওঁক লগৰবোৰৰ লগত স্ফূৰ্তিৰে কটোৱা সময়বোৰেই হওঁক সকলোৰে পৰা আতৰি আছে ৷তথাপিও আশা একোটি মনত জীয়াই  ৰাখিছে ভাল দিনৰ বাবে,  তাৰ বাবে সেই দিনটো নহা লৈকে ভাললগা কামবোৰ  ,নতুবা আগতে ভাল লগা নহলেও এতিয়া ভাল লগাকৈ কামবোৰ কৰি গৈছে আৰু নিজকে সুস্থ ৰাখিছে ৷বহুতে কোৱা শুনো যে  এইহেন দুৰ্যোগৰ দিনতো কি বিহু নাচি আছে ,এইয়া দুৰ্যোগৰ সময় বুলি আমি যদি কেৱল মনত ভয়েই সোমাৱাই ৰাখো দূৰ্যোগৰ সৈতে যুজিম কেনেকৈ? তাৰ কাৰণে আমাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ কৰি ৰখাটো প্ৰায়োজনীয় ৷গতিতে আহক আমি সকলোৱে নিজৰ কৰ্মত ব্যস্ত থাকো আৰু কাৰোবাৰ কৰ্মত প্ৰশংসা নকৰিলেও অবাবত সমালোচনা কৰাৰ পৰা আতৰত থাকো ৷ই সমালোচনা কৰাজনক নহয় নিজকহে অপকাৰ কৰিব৷গতিকে আহক ঘৰত থাকো সুস্থ থকো আৰু Social media ৰ সুপ্ৰয়োগ কৰোঁ ৷

No comments:

Post a Comment