Friday, 1 May 2020

অনলাইন শিক্ষা আৰু ইয়াৰ প্ৰভাৱ:এতিয়া সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে ৷গতিকে প্ৰায়বিলাক দেশতেই বন্ধৰ জৰিয়তে এই বোৰৰ পৰা আতৰি থকাৰ প্ৰয়াস কৰা হৈছে ৷এনে মহামাৰীৰ পৰা আতৰি থকাৰ এইয়া এক উপযুক্ত উপায়৷ আন আন দেশৰ লগতে ভাৰততো এই ল’কডাউন অব্যাহত আছে ৷অসমতো কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অসমৰ নতুন সক্ৰমণৰ তথ্য ৩৫জনৰ পাছত পোৱা হোৱা নাই ৷ ই আমাৰ বাবে ভাল খবৰ ৷এই লকডাউনৰ সময়খিনিত ছাত্ৰছাত্ৰী সকলৰ ক্ষতি নহ’বৰ বাবে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে ৷যিয়ে ছাত্ৰছাত্ৰী সকলক পঢ়াৰ ধাৰাবাহিকতা ৰক্ষাত সহায় কৰিছে ৷বহু ছাত্ৰছাত্ৰীয়ে অনলাইনৰ জৰিয়তে নতুনকৈ শিক্ষা লোৱাত বহুখিনি কথা শিকাৰো সুবিধা হৈছে ৷দিনটোৰ অনতঃ কিছু সময় নিজৰ পাঠ্যক্ৰমৰ বাবে দি নিজকে ব্যস্ত ৰাখিছে ৷এনে ধৰণৰ ব্যৱস্থাই ভৱিষ্যতেও শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত নতুন ব্যৱস্থাৰ কথা ভবাৰ পথ মুকলি কৰিছে ৷ কিন্তু ই কিমান সংখ্যক ছাত্ৰছাত্ৰীক সামৰি ল’ব পাৰিছে সেইয়া এক মন কৰিব লগা বিষয় ৷সাধাৰণতে আজিৰ সময়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰায় সংখ্যক ছাত্ৰছাত্ৰীৰ ইন্টাৰনেট সংযোগ কৰিব পৰা মোবাইল থাকে গতিকে তেওঁলোকে এই পাঠ্যক্ৰম সহজে গ্ৰহণ কৰিব পাৰে ৷উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বহু ছাত্ৰছাত্ৰীৰ হাতত নিজাকৈ মোবাইল নাথাকে ৷বহু শিক্ষকে পৰিয়ালৰ লোকৰ মোবাইলটো সংযোগ কৰিব পৰাৰ সুবিধা কৰি দিছে ৷কিন্তু যিখন অসমত বিনামূলীয়া চাউল পাইয়ো বাকী একো নথকাত এসাঁজ ভালকৈ খাবলৈ নাপায় সেইখন অসমত অনলাইন শিক্ষা কিমান ফলপ্ৰসূ হ’ব সেইয়া চিন্তাৰ কাৰণ ৷এই দূৰ্যোগৰ সময়ত অভিভাৱকে এসাঁজ খোৱাৰ যোগাৰ কেনেকৈ কৰোঁ ভাৱি থকাৰসময়তে তেওঁলোকৰ সন্তানে এটা মোবাইল যোগাৰ কৰি দিয়াৰ বাবে খাটনি কৰিছে ৷ যিহেতু সৰ্বশিক্ষাৰ অভিযানৰ বাবে প্ৰায়সংখ্যক আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানো বিদ্যালয়লৈ যায় গতিকে এই সময়ত তেওঁলোক এই শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অসমৰ এনে বহু অঞ্চল আছে য’ত সুবিধা থাকিলেও প্ৰয়োজনীয় নেটৱৰ্কৰ অভাৱ হয় ৷তেনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলো এই অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অৱশ্যে বহু সংখ্যক ছাত্ৰছাত্ৰীয়ে সকলো বাধা নেউচি যিকোনো প্ৰকাৰে ব্যৱস্থা গ্ৰহন কৰি  এই শিক্ষা লোৱাৰ প্ৰয়াস কৰিছে ৷ এইখিনিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অনলাইন শিক্ষাৰ জৰিয়তে লাভ সফলতাৰ কথা উনুকিয়াব পাৰি, তেওঁলোকে ইতিমধ্যে এশটা ক্লাছ সম্পূৰ্ণ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ৷The Hindu প্ৰকাশিত এক বাতৰি অনুসৰি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলেও অনলাইন পাঠ্যক্ৰম প্ৰদানৰ কথাটি বিবেচনা কৰি চাবৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক পত্ৰ প্ৰদান কৰে ৷ইফালে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সকলেও নেটৱৰ্কৰ  অসুবিধাৰ বাবে কিছু ছাত্ৰছাত্ৰী শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখিন হৈছে বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক জনায় ৷ এনেদৰে বহু বিদ্যালয় মহাবিদ্যালয়ে অনলাইন শিক্ষা অব্যাহত ৰাখিছে৷  এই সংকতৰ সময়ত আমি সকলো উচ্চ নিচ ভেদাভেদ পাহৰি সকলোৰে সহায় কৰা উচিত ৷আপোনাৰ উচৰে পাজৰে যদি এনে কোনো ছাত্ৰছাত্ৰী আছে যিয়ে অনলাইন শিক্ষা গ্ৰহণৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই  আৰু আপোনাৰ ইন্টাৰনেট সংযোগ থকা ম’বাইল আছে  তেওঁলোকক আপোনালোকে সহায় কৰিব পাৰে ৷আহক সকলোৱে একেলগে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিওঁ আমি এদিন নিশ্চয় সফল হ’ম৷ 

No comments:

Post a Comment