অনুগল্প :সেউজীয়া পাৰীৰ শাৰীখন :হাঁহিৰে সামৰি ৰাখিছে তাই প্ৰশংসাবোৰ ৷সেউজীয়া পাৰিৰ শাৰীখনে তাইত তুলি ধৰিছে ,ধুনীয়াকৈ ৷আজিৰ হাঁহিটোৱে তাইক অলংকাৰৰ দৰে শুৱাই তুলিছে ৷কিন্তু অপ্ৰকাশিত চকুলোৰ আঁৰৰ হাঁহি এইয়া ৷ পূৱা শাৰীখন পিন্ধি লৈ সাঁজি কাচি নিজকে থৰ হৈ চাই ৰৈছিল ৷কৰোবাৰ হেপাঁহবোৰক যেন তাই আজি সামৰি লৈছে৷ ইমান দামী শাৰীখন পিন্ধাৰ যোগ্যনে তাই ?মনত উদয় হোৱা প্ৰশ্নটিৰ উত্তৰ নিজেই বিচাৰি পালে ৷কাৰণ সেই শাৰীখন যাৰ মৰমৰ আছিল,তাইয়ো যে তেওঁৰ অতিকৈ মৰমৰ আছিল ৷সেইয়ে তাই শাৰীখন পিন্ধাৰ বাবে যোগ্য৷'তোক একোকে সহায় কৰিব পৰা নাই ’সদায় আক্ষেপ পুহি ৰাখিছিল তেওঁ৷ সেউজীয়া পৰিৰ শাৰীখন যিজনে আজি তাইক শুৱনি কৰিছে সেইখন তেওঁৰ চিতাট দিয়া নগ’ল৷ বায়েকৰ স্মৃতি হিচাপে তাইৰ মাকে সাচি ৰাখিলে ৷এদিন তাইৰ ভাল লাগিল ৷আজি সেয়ে তাই পিন্ধিছে সকলো জানিও কিবা হেপাঁহত ৷মনত ভয় হৈছিল তাইৰ ,কিন্তু মৰমবোৰ সুৱৰি চকুলো সৰিল ৷তাই নিজকে দপোনত চাই ভাবি থাকিল তেওঁতো প্ৰায়ে একো দিব নোৱাৰিলো বুলি আক্ষেপ কৰি আছিল ৷কিন্তু তাই আজি সেইখন শাৰী পিন্ধি যিটো অনুষ্ঠানলৈ যাব খুজিছে ৷তেওঁ হয়তো তাইক সেই শাৰীখন পিন্ধাৰ কথাই ক’লেহেতেন৷ তাই মনতে কৈ উঠিল 'এপা আপুনি আৰু সেই আক্ষেপ পুহি নাৰাখিব ৷আজি আপোনাৰ সাজেৰে সাজি সুৱনি হৈছো ,আপুনি যদি চাই আছে আপুনিও ভাল পাইছে ছাগে ৷ইয়াতকৈ আৰু মোক কি লাগে ৷ তাই দুখবোৰ সামৰি ,হাঁহি এটি পিন্ধি ল’লে আৰু উচাহেৰে বাট ললে অনুষ্ঠানটিলৈ৷ছ
Thursday, 14 May 2020
Friday, 1 May 2020
অনলাইন শিক্ষা আৰু ইয়াৰ প্ৰভাৱ:এতিয়া সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে ৷গতিকে প্ৰায়বিলাক দেশতেই বন্ধৰ জৰিয়তে এই বোৰৰ পৰা আতৰি থকাৰ প্ৰয়াস কৰা হৈছে ৷এনে মহামাৰীৰ পৰা আতৰি থকাৰ এইয়া এক উপযুক্ত উপায়৷ আন আন দেশৰ লগতে ভাৰততো এই ল’কডাউন অব্যাহত আছে ৷অসমতো কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অসমৰ নতুন সক্ৰমণৰ তথ্য ৩৫জনৰ পাছত পোৱা হোৱা নাই ৷ ই আমাৰ বাবে ভাল খবৰ ৷এই লকডাউনৰ সময়খিনিত ছাত্ৰছাত্ৰী সকলৰ ক্ষতি নহ’বৰ বাবে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে ৷যিয়ে ছাত্ৰছাত্ৰী সকলক পঢ়াৰ ধাৰাবাহিকতা ৰক্ষাত সহায় কৰিছে ৷বহু ছাত্ৰছাত্ৰীয়ে অনলাইনৰ জৰিয়তে নতুনকৈ শিক্ষা লোৱাত বহুখিনি কথা শিকাৰো সুবিধা হৈছে ৷দিনটোৰ অনতঃ কিছু সময় নিজৰ পাঠ্যক্ৰমৰ বাবে দি নিজকে ব্যস্ত ৰাখিছে ৷এনে ধৰণৰ ব্যৱস্থাই ভৱিষ্যতেও শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত নতুন ব্যৱস্থাৰ কথা ভবাৰ পথ মুকলি কৰিছে ৷ কিন্তু ই কিমান সংখ্যক ছাত্ৰছাত্ৰীক সামৰি ল’ব পাৰিছে সেইয়া এক মন কৰিব লগা বিষয় ৷সাধাৰণতে আজিৰ সময়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰায় সংখ্যক ছাত্ৰছাত্ৰীৰ ইন্টাৰনেট সংযোগ কৰিব পৰা মোবাইল থাকে গতিকে তেওঁলোকে এই পাঠ্যক্ৰম সহজে গ্ৰহণ কৰিব পাৰে ৷উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বহু ছাত্ৰছাত্ৰীৰ হাতত নিজাকৈ মোবাইল নাথাকে ৷বহু শিক্ষকে পৰিয়ালৰ লোকৰ মোবাইলটো সংযোগ কৰিব পৰাৰ সুবিধা কৰি দিছে ৷কিন্তু যিখন অসমত বিনামূলীয়া চাউল পাইয়ো বাকী একো নথকাত এসাঁজ ভালকৈ খাবলৈ নাপায় সেইখন অসমত অনলাইন শিক্ষা কিমান ফলপ্ৰসূ হ’ব সেইয়া চিন্তাৰ কাৰণ ৷এই দূৰ্যোগৰ সময়ত অভিভাৱকে এসাঁজ খোৱাৰ যোগাৰ কেনেকৈ কৰোঁ ভাৱি থকাৰসময়তে তেওঁলোকৰ সন্তানে এটা মোবাইল যোগাৰ কৰি দিয়াৰ বাবে খাটনি কৰিছে ৷ যিহেতু সৰ্বশিক্ষাৰ অভিযানৰ বাবে প্ৰায়সংখ্যক আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানো বিদ্যালয়লৈ যায় গতিকে এই সময়ত তেওঁলোক এই শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অসমৰ এনে বহু অঞ্চল আছে য’ত সুবিধা থাকিলেও প্ৰয়োজনীয় নেটৱৰ্কৰ অভাৱ হয় ৷তেনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলো এই অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অৱশ্যে বহু সংখ্যক ছাত্ৰছাত্ৰীয়ে সকলো বাধা নেউচি যিকোনো প্ৰকাৰে ব্যৱস্থা গ্ৰহন কৰি এই শিক্ষা লোৱাৰ প্ৰয়াস কৰিছে ৷ এইখিনিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অনলাইন শিক্ষাৰ জৰিয়তে লাভ সফলতাৰ কথা উনুকিয়াব পাৰি, তেওঁলোকে ইতিমধ্যে এশটা ক্লাছ সম্পূৰ্ণ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ৷The Hindu প্ৰকাশিত এক বাতৰি অনুসৰি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলেও অনলাইন পাঠ্যক্ৰম প্ৰদানৰ কথাটি বিবেচনা কৰি চাবৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক পত্ৰ প্ৰদান কৰে ৷ইফালে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সকলেও নেটৱৰ্কৰ অসুবিধাৰ বাবে কিছু ছাত্ৰছাত্ৰী শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখিন হৈছে বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক জনায় ৷ এনেদৰে বহু বিদ্যালয় মহাবিদ্যালয়ে অনলাইন শিক্ষা অব্যাহত ৰাখিছে৷ এই সংকতৰ সময়ত আমি সকলো উচ্চ নিচ ভেদাভেদ পাহৰি সকলোৰে সহায় কৰা উচিত ৷আপোনাৰ উচৰে পাজৰে যদি এনে কোনো ছাত্ৰছাত্ৰী আছে যিয়ে অনলাইন শিক্ষা গ্ৰহণৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু আপোনাৰ ইন্টাৰনেট সংযোগ থকা ম’বাইল আছে তেওঁলোকক আপোনালোকে সহায় কৰিব পাৰে ৷আহক সকলোৱে একেলগে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিওঁ আমি এদিন নিশ্চয় সফল হ’ম৷
সংকত বিতৰ্ক আৰু আমিবোৰ : বৰ্তমান সকলোৰে জীৱনবোৰ Socail media ৰ প’ষ্টৰ জৰিয়তে কিছু হ’লেও অনুমান কৰিব পৰা যায়৷ সেইয়া দুখ ,সুখ ,আৱেগ অনুভূতি যিয়েই নহওক ৷বৰ্তমান লগডাউনৰ সময়খিনিত বহুলোকে social media ব্যৱহাৰ কৰি আছে ,হয়তো আগকৈ বেছি সময়ৰ বাবে ৷ লকডাউনৰ মাজতে বিহু আৰু বহুতো উৎসৱ পাৰ্বণ পাৰ হৈ গৈছে ৷ ল’কডাউন প্ৰায় দেৰ মাহ হ’বৰে হ’ল ৷সকলোৰে ব্যস্ততাবোৰ নোহোৱা হ’ল ৷ আজি হঠাৎ বান্ধৱী এগৰাকীৰ whats app ৰ status চালো ,তাইৰ চাগে খং উঠিছে ৷কাৰণ তাই যিয়েই নকৰক সকলো কামতে সমালোচনাই কৰে TikTok কৰিলেও সমালোচনা ,খানা বনোৱাৰ ফটো দিলেও সমালোচনা,মুঠতে সকলোতে সমালোচনা ৷তাই খঙতে এই বুলিও উল্লেখ কৰিছে যে' মই বিভিন্ন ব্যঞ্জন ৰান্ধি ফ’টো দিও হয় ,কিন্তু সেইবুলি নোখোৱাকৈ থকা মানুহৰ কথা নভবাও নহয় ৷পাৰ্যমানে তেওঁলোকক সহায় কৰিছোঁ ,তাৰ ফটো অৱশ্যে দিয়া নাই মহান হ’বৰো মন নাই ৷’কিন্তু যিয়ে সমালোচনা কৰি আছে তেওঁনো কি কৰি আছে ৷তেওঁ কাৰোবাক সহায় কৰিছেনে ? হয় এই সময়ত বহুতে ভিন্ন ধৰণৰ কাম কৰি গৈ আছে আৰু এচামে তাৰ খুট উলিয়াই সমালোচনা কৰি আছে ৷কিন্তু এটা কথা মানিবই লাগিব যিয়েই যি নকৰক কিয় ,সকলোৰে মানসিক অৱস্হা সুস্থিৰ কৰি ৰখাত এই ভাললগা কামবোৰ সহায় কৰি আহিছে ৷ যিবোৰ কামৰ কাৰণে এচামে সমালোচনা কৰি আহিছে ৷সকলোৰে ভাল লগা ,বেয়া লগা ,ৰুচিবোধ বেলেগ বেলেগ ,তেনেদৰে সকলোৰ মনবোৰো বেলেগ বেলেগ ৷ এনে এটা সংকতৰ সময়ত যে মানুহে নিজকে ভাল লগা কামত ব্যস্ত কৰি ৰাখিব পাৰিছে সেইয়া বহুত ডাঙৰ কথা ৷নহ’লে প্ৰায় দেৰমাহ যোৰা বন্ধৰ সময়খিনিত গৃহবন্দী হৈ থাকি মানসিক ৰোগী হৈ পৰিল হেতেন। যিসকলে অনাহকত বিতৰ্ক কৰি থাকে তেওঁলোকে যদিহে সঁচাকৈয়ে কিবা ভূল দেখে তেনেহ’লে আঙুলিয়াই দিব ৷ অযথা কাৰোবাৰ কামৰ বাবে সমালোচনা কৰি মানসিক অশান্তি নিদিব ৷ভাবকচোন স্কুল, কলেজ ,বিশ্ববিদ্যালয়ৰ ব্যস্ততাপূৰ্ন জীবন এটাৰ পৰা হঠাৎ আতৰি আহি অনিশ্চয়ত ভবিষ্যত এটা লৈ অপেক্ষা কৰি থকা মানুহবোৰৰ মানসিক অৱস্থা কেনে হ’ব পাৰে ৷কিমান দিন সিহঁতে ভালপোৱাবোৰ পৰা আতৰি আহিছে ৷সেইয়া আদ্দাই হওঁক লগৰবোৰৰ লগত স্ফূৰ্তিৰে কটোৱা সময়বোৰেই হওঁক সকলোৰে পৰা আতৰি আছে ৷তথাপিও আশা একোটি মনত জীয়াই ৰাখিছে ভাল দিনৰ বাবে, তাৰ বাবে সেই দিনটো নহা লৈকে ভাললগা কামবোৰ ,নতুবা আগতে ভাল লগা নহলেও এতিয়া ভাল লগাকৈ কামবোৰ কৰি গৈছে আৰু নিজকে সুস্থ ৰাখিছে ৷বহুতে কোৱা শুনো যে এইহেন দুৰ্যোগৰ দিনতো কি বিহু নাচি আছে ,এইয়া দুৰ্যোগৰ সময় বুলি আমি যদি কেৱল মনত ভয়েই সোমাৱাই ৰাখো দূৰ্যোগৰ সৈতে যুজিম কেনেকৈ? তাৰ কাৰণে আমাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ কৰি ৰখাটো প্ৰায়োজনীয় ৷গতিতে আহক আমি সকলোৱে নিজৰ কৰ্মত ব্যস্ত থাকো আৰু কাৰোবাৰ কৰ্মত প্ৰশংসা নকৰিলেও অবাবত সমালোচনা কৰাৰ পৰা আতৰত থাকো ৷ই সমালোচনা কৰাজনক নহয় নিজকহে অপকাৰ কৰিব৷গতিকে আহক ঘৰত থাকো সুস্থ থকো আৰু Social media ৰ সুপ্ৰয়োগ কৰোঁ ৷
Subscribe to:
Posts (Atom)