Thursday, 14 May 2020

অনুগল্প  :সেউজীয়া পাৰীৰ শাৰীখন :হাঁহিৰে সামৰি ৰাখিছে তাই প্ৰশংসাবোৰ ৷সেউজীয়া পাৰিৰ শাৰীখনে তাইত তুলি ধৰিছে ,ধুনীয়াকৈ ৷আজিৰ হাঁহিটোৱে তাইক অলংকাৰৰ দৰে শুৱাই তুলিছে ৷কিন্তু অপ্ৰকাশিত চকুলোৰ আঁৰৰ হাঁহি এইয়া ৷  পূৱা শাৰীখন পিন্ধি লৈ সাঁজি কাচি নিজকে থৰ হৈ চাই ৰৈছিল ৷কৰোবাৰ হেপাঁহবোৰক যেন তাই আজি সামৰি লৈছে৷ ইমান দামী শাৰীখন পিন্ধাৰ যোগ্যনে তাই ?মনত উদয় হোৱা প্ৰশ্নটিৰ উত্তৰ নিজেই বিচাৰি পালে ৷কাৰণ সেই শাৰীখন যাৰ মৰমৰ আছিল,তাইয়ো যে তেওঁৰ অতিকৈ মৰমৰ আছিল ৷সেইয়ে তাই শাৰীখন পিন্ধাৰ বাবে যোগ্য৷'তোক একোকে সহায় কৰিব পৰা নাই  ’সদায় আক্ষেপ পুহি ৰাখিছিল তেওঁ৷ সেউজীয়া পৰিৰ শাৰীখন যিজনে আজি তাইক শুৱনি কৰিছে সেইখন তেওঁৰ চিতাট দিয়া নগ’ল৷ বায়েকৰ স্মৃতি হিচাপে তাইৰ মাকে সাচি ৰাখিলে ৷এদিন তাইৰ ভাল লাগিল ৷আজি সেয়ে তাই পিন্ধিছে সকলো জানিও কিবা হেপাঁহত ৷মনত ভয় হৈছিল তাইৰ ,কিন্তু মৰমবোৰ সুৱৰি চকুলো সৰিল ৷তাই নিজকে দপোনত চাই ভাবি থাকিল তেওঁতো প্ৰায়ে একো দিব নোৱাৰিলো বুলি আক্ষেপ কৰি আছিল ৷কিন্তু তাই আজি সেইখন শাৰী পিন্ধি যিটো অনুষ্ঠানলৈ যাব খুজিছে ৷তেওঁ হয়তো তাইক সেই শাৰীখন পিন্ধাৰ কথাই ক’লেহেতেন৷ তাই মনতে কৈ উঠিল 'এপা আপুনি আৰু সেই আক্ষেপ পুহি নাৰাখিব ৷আজি আপোনাৰ সাজেৰে সাজি সুৱনি হৈছো ,আপুনি যদি চাই আছে আপুনিও ভাল পাইছে ছাগে ৷ইয়াতকৈ আৰু মোক কি লাগে ৷ তাই দুখবোৰ সামৰি ,হাঁহি এটি পিন্ধি ল’লে আৰু উচাহেৰে বাট ললে অনুষ্ঠানটিলৈ৷ছ

Friday, 1 May 2020

অনলাইন শিক্ষা আৰু ইয়াৰ প্ৰভাৱ:এতিয়া সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে ৷গতিকে প্ৰায়বিলাক দেশতেই বন্ধৰ জৰিয়তে এই বোৰৰ পৰা আতৰি থকাৰ প্ৰয়াস কৰা হৈছে ৷এনে মহামাৰীৰ পৰা আতৰি থকাৰ এইয়া এক উপযুক্ত উপায়৷ আন আন দেশৰ লগতে ভাৰততো এই ল’কডাউন অব্যাহত আছে ৷অসমতো কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অসমৰ নতুন সক্ৰমণৰ তথ্য ৩৫জনৰ পাছত পোৱা হোৱা নাই ৷ ই আমাৰ বাবে ভাল খবৰ ৷এই লকডাউনৰ সময়খিনিত ছাত্ৰছাত্ৰী সকলৰ ক্ষতি নহ’বৰ বাবে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে ৷যিয়ে ছাত্ৰছাত্ৰী সকলক পঢ়াৰ ধাৰাবাহিকতা ৰক্ষাত সহায় কৰিছে ৷বহু ছাত্ৰছাত্ৰীয়ে অনলাইনৰ জৰিয়তে নতুনকৈ শিক্ষা লোৱাত বহুখিনি কথা শিকাৰো সুবিধা হৈছে ৷দিনটোৰ অনতঃ কিছু সময় নিজৰ পাঠ্যক্ৰমৰ বাবে দি নিজকে ব্যস্ত ৰাখিছে ৷এনে ধৰণৰ ব্যৱস্থাই ভৱিষ্যতেও শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত নতুন ব্যৱস্থাৰ কথা ভবাৰ পথ মুকলি কৰিছে ৷ কিন্তু ই কিমান সংখ্যক ছাত্ৰছাত্ৰীক সামৰি ল’ব পাৰিছে সেইয়া এক মন কৰিব লগা বিষয় ৷সাধাৰণতে আজিৰ সময়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰায় সংখ্যক ছাত্ৰছাত্ৰীৰ ইন্টাৰনেট সংযোগ কৰিব পৰা মোবাইল থাকে গতিকে তেওঁলোকে এই পাঠ্যক্ৰম সহজে গ্ৰহণ কৰিব পাৰে ৷উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বহু ছাত্ৰছাত্ৰীৰ হাতত নিজাকৈ মোবাইল নাথাকে ৷বহু শিক্ষকে পৰিয়ালৰ লোকৰ মোবাইলটো সংযোগ কৰিব পৰাৰ সুবিধা কৰি দিছে ৷কিন্তু যিখন অসমত বিনামূলীয়া চাউল পাইয়ো বাকী একো নথকাত এসাঁজ ভালকৈ খাবলৈ নাপায় সেইখন অসমত অনলাইন শিক্ষা কিমান ফলপ্ৰসূ হ’ব সেইয়া চিন্তাৰ কাৰণ ৷এই দূৰ্যোগৰ সময়ত অভিভাৱকে এসাঁজ খোৱাৰ যোগাৰ কেনেকৈ কৰোঁ ভাৱি থকাৰসময়তে তেওঁলোকৰ সন্তানে এটা মোবাইল যোগাৰ কৰি দিয়াৰ বাবে খাটনি কৰিছে ৷ যিহেতু সৰ্বশিক্ষাৰ অভিযানৰ বাবে প্ৰায়সংখ্যক আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানো বিদ্যালয়লৈ যায় গতিকে এই সময়ত তেওঁলোক এই শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অসমৰ এনে বহু অঞ্চল আছে য’ত সুবিধা থাকিলেও প্ৰয়োজনীয় নেটৱৰ্কৰ অভাৱ হয় ৷তেনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলো এই অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অৱশ্যে বহু সংখ্যক ছাত্ৰছাত্ৰীয়ে সকলো বাধা নেউচি যিকোনো প্ৰকাৰে ব্যৱস্থা গ্ৰহন কৰি  এই শিক্ষা লোৱাৰ প্ৰয়াস কৰিছে ৷ এইখিনিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অনলাইন শিক্ষাৰ জৰিয়তে লাভ সফলতাৰ কথা উনুকিয়াব পাৰি, তেওঁলোকে ইতিমধ্যে এশটা ক্লাছ সম্পূৰ্ণ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ৷The Hindu প্ৰকাশিত এক বাতৰি অনুসৰি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলেও অনলাইন পাঠ্যক্ৰম প্ৰদানৰ কথাটি বিবেচনা কৰি চাবৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক পত্ৰ প্ৰদান কৰে ৷ইফালে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সকলেও নেটৱৰ্কৰ  অসুবিধাৰ বাবে কিছু ছাত্ৰছাত্ৰী শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখিন হৈছে বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক জনায় ৷ এনেদৰে বহু বিদ্যালয় মহাবিদ্যালয়ে অনলাইন শিক্ষা অব্যাহত ৰাখিছে৷  এই সংকতৰ সময়ত আমি সকলো উচ্চ নিচ ভেদাভেদ পাহৰি সকলোৰে সহায় কৰা উচিত ৷আপোনাৰ উচৰে পাজৰে যদি এনে কোনো ছাত্ৰছাত্ৰী আছে যিয়ে অনলাইন শিক্ষা গ্ৰহণৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই  আৰু আপোনাৰ ইন্টাৰনেট সংযোগ থকা ম’বাইল আছে  তেওঁলোকক আপোনালোকে সহায় কৰিব পাৰে ৷আহক সকলোৱে একেলগে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিওঁ আমি এদিন নিশ্চয় সফল হ’ম৷ 
সংকত বিতৰ্ক আৰু আমিবোৰ : বৰ্তমান সকলোৰে জীৱনবোৰ Socail media ৰ প’ষ্টৰ জৰিয়তে কিছু হ’লেও অনুমান কৰিব পৰা যায়৷ সেইয়া দুখ ,সুখ ,আৱেগ অনুভূতি যিয়েই নহওক ৷বৰ্তমান লগডাউনৰ সময়খিনিত বহুলোকে social media ব্যৱহাৰ কৰি আছে ,হয়তো আগকৈ বেছি সময়ৰ বাবে ৷ লকডাউনৰ মাজতে বিহু আৰু বহুতো উৎসৱ পাৰ্বণ পাৰ হৈ গৈছে ৷ ল’কডাউন প্ৰায় দেৰ মাহ হ’বৰে হ’ল ৷সকলোৰে ব্যস্ততাবোৰ নোহোৱা হ’ল ৷            আজি হঠাৎ বান্ধৱী এগৰাকীৰ whats app ৰ status চালো ,তাইৰ চাগে খং উঠিছে ৷কাৰণ  তাই যিয়েই নকৰক সকলো কামতে সমালোচনাই কৰে TikTok কৰিলেও সমালোচনা ,খানা বনোৱাৰ ফটো দিলেও সমালোচনা,মুঠতে সকলোতে সমালোচনা ৷তাই খঙতে এই বুলিও উল্লেখ কৰিছে যে' মই বিভিন্ন ব্যঞ্জন ৰান্ধি ফ’টো দিও হয় ,কিন্তু সেইবুলি নোখোৱাকৈ থকা মানুহৰ কথা নভবাও নহয় ৷পাৰ্যমানে তেওঁলোকক সহায় কৰিছোঁ ,তাৰ ফটো অৱশ্যে দিয়া নাই মহান হ’বৰো মন নাই ৷’কিন্তু যিয়ে সমালোচনা কৰি আছে তেওঁনো কি কৰি আছে ৷তেওঁ কাৰোবাক সহায় কৰিছেনে ? হয় এই সময়ত বহুতে ভিন্ন ধৰণৰ কাম কৰি গৈ আছে আৰু এচামে তাৰ খুট উলিয়াই সমালোচনা কৰি আছে ৷কিন্তু এটা কথা মানিবই লাগিব যিয়েই যি নকৰক কিয় ,সকলোৰে মানসিক অৱস্হা সুস্থিৰ কৰি ৰখাত এই ভাললগা কামবোৰ সহায় কৰি আহিছে ৷ যিবোৰ কামৰ কাৰণে এচামে সমালোচনা কৰি আহিছে ৷সকলোৰে ভাল লগা ,বেয়া লগা ,ৰুচিবোধ বেলেগ বেলেগ ,তেনেদৰে সকলোৰ মনবোৰো বেলেগ বেলেগ ৷ এনে এটা সংকতৰ সময়ত যে মানুহে নিজকে ভাল লগা কামত ব্যস্ত কৰি ৰাখিব পাৰিছে সেইয়া বহুত ডাঙৰ কথা ৷নহ’লে প্ৰায় দেৰমাহ যোৰা বন্ধৰ সময়খিনিত গৃহবন্দী হৈ থাকি মানসিক ৰোগী হৈ পৰিল হেতেন। যিসকলে অনাহকত বিতৰ্ক কৰি থাকে তেওঁলোকে যদিহে সঁচাকৈয়ে কিবা ভূল দেখে তেনেহ’লে আঙুলিয়াই দিব ৷  অযথা কাৰোবাৰ কামৰ বাবে সমালোচনা কৰি মানসিক অশান্তি নিদিব ৷ভাবকচোন স্কুল, কলেজ ,বিশ্ববিদ্যালয়ৰ ব্যস্ততাপূৰ্ন জীবন এটাৰ পৰা হঠাৎ আতৰি আহি অনিশ্চয়ত ভবিষ্যত এটা লৈ অপেক্ষা কৰি থকা মানুহবোৰৰ মানসিক অৱস্থা কেনে হ’ব পাৰে ৷কিমান দিন সিহঁতে ভালপোৱাবোৰ পৰা আতৰি আহিছে ৷সেইয়া আদ্দাই হওঁক লগৰবোৰৰ লগত স্ফূৰ্তিৰে কটোৱা সময়বোৰেই হওঁক সকলোৰে পৰা আতৰি আছে ৷তথাপিও আশা একোটি মনত জীয়াই  ৰাখিছে ভাল দিনৰ বাবে,  তাৰ বাবে সেই দিনটো নহা লৈকে ভাললগা কামবোৰ  ,নতুবা আগতে ভাল লগা নহলেও এতিয়া ভাল লগাকৈ কামবোৰ কৰি গৈছে আৰু নিজকে সুস্থ ৰাখিছে ৷বহুতে কোৱা শুনো যে  এইহেন দুৰ্যোগৰ দিনতো কি বিহু নাচি আছে ,এইয়া দুৰ্যোগৰ সময় বুলি আমি যদি কেৱল মনত ভয়েই সোমাৱাই ৰাখো দূৰ্যোগৰ সৈতে যুজিম কেনেকৈ? তাৰ কাৰণে আমাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ কৰি ৰখাটো প্ৰায়োজনীয় ৷গতিতে আহক আমি সকলোৱে নিজৰ কৰ্মত ব্যস্ত থাকো আৰু কাৰোবাৰ কৰ্মত প্ৰশংসা নকৰিলেও অবাবত সমালোচনা কৰাৰ পৰা আতৰত থাকো ৷ই সমালোচনা কৰাজনক নহয় নিজকহে অপকাৰ কৰিব৷গতিকে আহক ঘৰত থাকো সুস্থ থকো আৰু Social media ৰ সুপ্ৰয়োগ কৰোঁ ৷

Monday, 18 February 2019

Commounity radio  কিছু কথা


 আমি সকলোৱে অনাতাঁৰ কেন্দ্রৰ বিষয়ে  জানো |বিশেষকৈ অনাতাৰ কেন্দ্ৰ বুলি ক'লে আমাৰ  মনলৈ আকাশবাণী (All india radio ) আৰু বাণিজ্যিক ৰেডিঅ'ৰ(Comercial radio) কথাকে  আহে|সামুহিক ৰেডিঅ'ৰ ইতিসাহ বৰ পুৰণি নহয় |ভাৰতত 2004 চনত Anna universityৰ Media science ৰ ছাত্ৰ ছাত্রী প্ৰথমে সামুহিক ৰেডিঅ' প্ৰচাৰ আৰম্ভ কৰিছিল |সামুহিক ৰেডিঅ' হ'ল এখন সমাজৰ ভিন্ন পয্যায়ৰ মানুহৰ স্বাস্থ্য,  ,জ্ঞান ,মনোৰঞ্জন ,সাংস্কৃতিক ,লিংগ বৈষম্য়  আদি প্ৰচাৰ আৰু প্ৰসাৰ কৰা এক অনুস্ঠান | এনে ধৰণৰ ৰেডিঅ'ই সীমিত পৰিসৰকহে সাঙুৰি লয়|

বৰ্তমান ভাৰতবৰ্ষত প্রায় 190টা Community radio center আছে যদিও অসমত ইয়াৰ সংখ্যাা মাত্ৰ 4টা ৷ ভাৰতবৰ্ষৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অনুমতিত অসমত প্ৰতিষ্ঠা হোৱা চাৰিটা সামূহিক অনাতাঁৰ কেন্দ্ৰ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ Radio Luit FMৰ 90.8. ৷ক্‌ষ্ঞকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ,গুৱাহাটীৰ FM 90.4 jaan taranga ৷ ডিব্ৰুগড়ত থকা Radio brahamputra হ’ল NGOৰ দ্বাৰা সম্প্ৰচাৰিত অসমৰ একমাত্ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ ৷ অসমৰcommunity radio ৰ ইতিহাসত এক নতুন সংযোজন হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ FM 90.8. Radio gyanmalinee ৷
 সামূহিক ৰেডিঅ’ সমূহে আকাশবাণীৰ যুগেদি প্ৰচাৰ কৰিব বাদ পৰি যোৱা প্ৰচাৰ কৰে ৷ এনেধৰণৰ অনুষ্ঠান সমূহত ওচৰৰ মানুহে বুজি পোৱাকৈ তেওঁলোকৰ ভাষাও ব্যৱহাৰ কৰা হয়৷ স্বেচ্ছাসেৱক সকলৰ সহযোগত প্ৰচাৰ কৰা এই অনুষ্ঠানবোৰত বাণিজ্যিক বিজ্ঞাপন প্ৰচাৰ কৰা নহয় ৷
 প্ৰযুক্তি বিদ্যাৰ বহুল প্ৰসাৰৰ বাবে বৰ্তমান ৰেডিঅ’ৰ ব্যৱহাৰ কমি গৈছে যদিও এটা অঞ্চলৰ বিকাশৰ বাবে অনাতাঁৰ কেন্দ্ৰৰ প্ৰয়োজনীয়তা আছে ৷অৱশ্যে বৰ্তমান প্ৰায়সংখ্যক মানুহৰ হাতত থকা smart phone ত ৰেডিঅ’ শুনাৰ ব্যৱস্থা আছে ৷ বহু ভিতৰুৱা অঞ্চলত এই ব্যৱস্থা সমূহে সাঙুৰি লব পৰা যায় য’ত কেৱল ৰেডিত’টোকে সংযোগ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়৷



Tuesday, 27 November 2018

 LACIT DEVOS WAS HELD in  DIBRUGARH       UNIERSITY


Dibrugarh University Tai Ahom Sattro Homaj organised a programme on the occousion of birtday of mohabir  Lachit Borphukon The great leader of Assam on 24 novembor at Anuroddho bhobon .The greatting speech was given by Ritupon Dihingia a member of TASH Dibrugarh university.The meeting was presided over by Dr Pranjol Buraguhan professer of economics of DU.A valuable speech was delivered by chief guest Dr Kailyan Bhuyan professer of Physics on the topic 'The participation of Ahom in the construction of large assmeses society '.The students affair's den Dr Jeten Hazarika said in his speech that it is very sad things that only the ahom students union have to  arranged this programme but Lachit Borphukon was saved all the people of assam.So all the people of Assam should remember him.'When you are love your mother it doesn't mean that you are  hate others 'he said .
The tai ahom students were wear traditional dresses and they sang a national anthem of ahom in tai language .One student gave a Hasi  tree whis is declered as natonal tree of ahom to DUPGSU.In this progamme very meaningfull topic was discused like glory of ahom kingdom, nessecity of there idea in present context ,How and why they can survived for 600year ete.'We should follow the ideology of Lachit as he loved the country and save the country from a strong force . We are proud of him' said Dr taranath Duora professer of anthropology. Sunaram Gogoi( social worker )Anjan Chetia (assistant director of distance education ),Udipta Gogoi(Join secretary,all tai ahom satro hontha),Nipon Phukon (President of all tai ahom student union) are also present there.The programme was ended at 2.30Pm


Saturday, 17 November 2018

    A Free health camp held in dibrugarh     
      university

On friday november 16th 2018 a free health camp was organised by the depertment of Pharmaceutcal Science and Indian Pharmaceutical Association ,Assam State branch on the occousion of 57th national Pharmacy week .This progrmme was started from 9.30AM on the depertment of pharmaceutical science of Dibrgarh University .The doctors of the Assam Medical College were perticipated in this programme to check the students of DU and the people nearby it.The specialists of general medicie,gynocology,dematology ,opthalomology ,paediatrics,surgery,cardiology and dentistry were present there.They organised some test,-blood pressure.blood suga ECG haemoglobin, uric acid .All the students of PS Dept.play different rule to maintain the decipline -registration ,to introdue people with the check up room ,test room and also help to give medicine.Accourding to students of registration desk around 500  people had registered and took the chance of free health camp.This programme was ended at 3.30PM

Saturday, 10 November 2018

clean campus ,green campus :Dibrugarh university.

Clean campus
Green campus :dibrugarh university

Green ,the colour which means peace ,refreshment etc. It is a colour of calmness ,relaxation also provides a sense of vitality.When we say 'green' we think about the green grass and tree. To maintain this green we should save our environment .Nowaday peoples are aware about the environment.

Dibrugarh university campus is full of green.This is famous as 'Nahoror dekh ' i.e a specific tree nahor give a beautiful identity to this university .This campus attracts all the people . There are some people for maintaing this campus Clean and green. Sometimes the student of this universitiy are also give self service for cleanning this campus .
This clean and green campus encourge the student to learn .This campus seems like a green village .The golden light occous before sunrise and sunsine touches the leafs of the tree .The big trees  covered like an  ambrella to save the student from the sunlight.
THANK YOU